নিজ ভাগ্য এটি নগা সাধু – অসমীয়া সাধু

এসময়ত এজন ৰজাৰ সাতজনী জীয়েক আছিল। তেওঁ সিহঁতক বৰ মৰম কৰিছিল। তেওঁ নিজেই সিহঁতক ৰান্ধি-বাঢ়ি খুৱাইছিল। যেতিয়া খোৱা-বোৱা শেষ হয় তেতিয়া তেওঁ জীয়েককেইজনীক সোধে, “খাই কেনে পালা?” তেতিয়া ডাঙৰ জীয়েককেইজনীয়ে দেউতা খাই বৰ ভাল লাগিল বুলি কয়; কিন্তু সৰুজনীয়ে কয় ‘এইখন আঞ্জা ম‍ই ৰন্ধাৰ নিচিনা ভাল হোৱা নাই। ম‍ই ইয়াতকৈ বেছি ভাল ৰান্ধো।’ সদায় সৰু … Read more

এজন অহংকাৰী ৰজা – অসমীয়া সাধু

এখন দেশত এজন বৰ অত্যাচাৰী ৰজাই শাসন কৰিছিল। তেওঁ নিজৰ বাহিৰে প্ৰজাৰ সুখ-দুখলৈ অলপো চকু দিয়া নাছিল। এবাৰ সেই দেশৰ সীমামূৰীয়া হাবি এখনলৈ ক’ৰবাৰ পৰা ৰাক্ষস এটা আহিল। ৰাক্ষসটোৱে হাবিৰ দাঁতিকাষৰীয়া মানুহবোৰ মাৰি খাবলৈ ধৰিলে। বাচি থকা সকলে প্ৰাণৰ ভয়ত যেনি-তেনি পলাই সাৰিবলৈ চেষ্টা কৰিলে। প্ৰজাসকলৰ দুখে কুলাই-পাচিয়ে নধৰা হ’ল। এফালে ৰজাৰ পৰা অশান্তি আৰু … Read more

চীন দেশৰ সাধু – অসমীয়া সাধু

এসময়ত চীন দেশৰ এখন নদীৰ পাৰত ছান নামৰ এজন মানুহ আছিল। তেওঁৰ এটা পোহনীয়া কুকুৰ আৰু এজনী মেকুৰীৰ বাহিৰে আপোন বুলিবলৈ কোনো নাছিল। ছান আছিল বৰ দুখীয়া এসাঁজ খালে আন এসাঁজ খাবলৈ টনাটনি। এদিনাখনৰ কথা। বাটেদি গৈ থাকোঁতে ছানে বাটতে এটা মামৰে ধৰা পুৰণি আঙুঠি পালে৷ আঙুঠিটো বুটলি ছানে ঘৰলৈ আনিলে আৰু সেইটো ঘৰৰ চুক … Read more

ৰাক্ষসী ছোৱালী সাধু – অসমীয়া সাধু

বহু দিনৰ আগৰ কথা এজন ৰজাৰ একমাত্ৰ পুত্ৰ আছিল । ৰাজকুমাৰ লাহে লাহে বিবাহৰ বাবে উপযুক্ত হৈ আহিছিল। সেয়েহে ৰজাই ৰাজকুমাৰৰ বাবে উপযোগী কন্যা বিচাৰি আছিল, কিন্তু ক’তো বিচাৰি পোৱা নাছিল । এদিনাখনৰ কথা – ৰাজকুমাৰ চিকাৰলৈ গৈ আছিল। তেনেতে তেওঁ সেই পথেদি আন এখন ৰাজ্যৰ ৰাজকুমাৰী এজনীও গৈ থকা দেখিলে দুয়ো দুয়োকে চালে। ৰাজকুমাৰে … Read more

মাছমৰীয়া আৰু দৈত্যৰ সাধু – অসমীয়া সাধু

এসময়ত এখন দেশত ইছক নামেৰে এজন মাছমৰীয়াই বাস কৰিছিল। ইছকে দিনটো মাছ মাৰি আবেলি বজাৰত বেচি যি পায় তাৰেই পেট প্ৰৱৰ্তাইছিল। এনেকৈ বহুদিন গ’ল। আন দিনাৰ দৰে সেইদিনাও ইছকে ৰাতিপুৱাতে জালখন লৈ ওলাই গ’ল। বেলি মূৰৰ ওপৰ পালে। কিন্তু ইছকে নদীত জাল পেলাই মাছ এটাও নাপালে। অৱশেষত সি ভাবিলে যে এনেয়ে কষ্ট কৰি লাভ কি? … Read more