ৰজা আৰু মন্ত্ৰীৰ সাধু – অসমীয়া সাধু

পুৰণি কালৰ কথা। বাৰাণসীত এজন ৰজা আছিল। ৰজাৰ এজন মন্ত্ৰীও আছিল। এবাৰ শত্ৰুৱে আক্ৰমণ কৰাত ৰজা আৰু মন্ত্ৰীয়ে শত্ৰুৰ সৈতে যুদ্ধ কৰি যুদ্ধত জয়লাভ কৰিলে।

তেতিয়া ৰজাই মন্ত্ৰীক ক’লে মন্ত্ৰী মোৰ গুণতে আমাৰ যুদ্ধখনত জয় সম্ভৱ হ’ল। মন্ত্ৰীয়ে বোলে হ’বই নোৱাৰে। মোৰ গুণতহে আমি যুদ্ধখনত জয়ী হলো। এনেদৰে কথা কটাকটি কৰি থাকোতে দুয়োৰে মাজত কাজিয়া লাগিল। ৰজাই ক’লে, ঠিক আছে প্রমাণ চোৱা যাওক। আমি দুয়ো দুয়োফালে যাম। তুমি যোৱাৰ বাটত তোমাৰ কিবা বিপদ হ’লে, এই গছজোপা শুকাই যাব আৰু মোৰ কিবা বিপদ হ’লেও এই গছজোপা শুকালেই তুমি গম পাবা।

ৰজা আৰু মন্ত্ৰী দুয়ো দুটা বেলেগ বাটেৰে খোজ ললে। ৰজা গৈ গৈ এখন গাওঁ পালেগৈ। দেখিলে মানুহ এঘৰত দুজন ভাই- ককাইৰ মাজত কাজিয়া লাগিছে। তেওঁলোকৰ মাক-দেউতাক দুয়ো ঢুকাল। তেওঁলোকে উত্তৰাধিকাৰী সূত্ৰে তিনিটা সম্পত্তি লাভ কৰিছে।

এটা সৰু ঘৰ, অলপমান মাটি আৰু এডাল লাখুটি। এটা এটাকৈ সম্পত্তি লৈ তৃতীয়টো কোনে ল’ব সেই লৈয়ে তেওঁলোকৰ মাজত কাজিয়া। তেতিয়া ৰজাই ক’লে লাখুটিডাল মোক দিয়া ম‍ই অঘৰী মানুহ। বাটে-পথে এইডাল মোৰ সহায় হ’ব। ল’ৰা দুটাই লাখুটিডাল ৰজাক দি দিলে। লাখুটিডাল আছিল কালিকালগা।

ইয়াক মাটিত টুকুৰিয়াই দিলে টকা ওলায়। লাখুটিডাল লৈ ৰজা আগবাঢ়ি গৈ থাকিল। গৈ গৈ তেওঁ এইবাৰ এখন বেলেগ দেশ পালেগৈ। দূৰৈৰ পৰাই তেওঁ দেখিলে যে বহুতো ডেকাই মূৰত কলহ লৈ শাৰী পাতি আহি আছে। ৰজাই সুধিলে, তোমালোক ক’লৈ যোৱা। তেতিয়া এজনে ক’লে আমি সকলো বিভিন্ন দেশৰ ৰজাৰ পুতেক। এইখন দেশৰ ৰজাৰ জীয়েকজনী বৰ ধুনীয়া।

১০০০ গাড়ী ধন দিলেহে ৰজাই জীয়েকক বিয়া দিব বুলি ঘোষণা কৰিছে। আমি চেষ্টা কৰি বিফল হ’লো আৰু এতিয়া চুক্তি অনুসৰি ৰজাৰ জীয়েকৰ গা ধোৱা পানী তুলি আছো। ৰজাই মনে মনে ভাবিলে, মোৰ হাতত যাদুৰ লাখুটি আছে যেতিয়া এবাৰ চেষ্টা কৰি চাওঁ। ৰজাই ৰাজদৰবালৈ গৈ ক’লে যে তেওঁ ১০০০ গাড়ী ধন দিব পাৰিব।

ৰজাই ক’লে ঠিক আছে তুমি ধন দিব পাৰিলে মোৰ জীক তোমালৈ বিয়া দিম। লাখুটি ডাল কোবাই কোবাই ৰজাই ৯৯২ গাড়ী ধন ৰাজ দৰাবলৈ পঠালে আৰু মাত্ৰ ৮ গাড়ী ধন বাকী। ৰজাৰ লাখুটি কোবাওঁতে ইতিমধ্যে ভাগৰ লাগিল ৰজাই ভাবিলে আৰু মাত্ৰ ৮ গাড়ীহে বাকী আছে অলপ শুই লওঁ। লাখুটিডাল কাষতে থৈ ৰজা টোপনি গ’ল। ৯৯২ গাড়ী ধন দেখি ৰজা আচৰিত হ’ল। কেনেকৈ টকা গোটাইছে তাকে চাবলৈ তেওেঁৰ এজন সৈন্যক পাচিলে। সৈন্যজনে দেখিলে এডাল লাখুটিৰে মাটিত কোব মাৰিলেই টকা ওলায়।

সৈন্যজনৰ লোভ লাগিল আৰু ৰজা শুই থাকোঁতে লাখুটিডাল চুৰ কৰি লৈ আহিল। ৰজাই সাৰ পাই দেখে তেওঁৰ লাখুটিডাল নাই। ৮ গাড়ী ধন নোৱাৰি ৰজাইও ৰাজকুমাৰীৰ গা ধোৱা পানী তোলাৰ শাস্তি ভোগ কৰিবলগীয়া হ’ল। মন্ত্রীও সিফালে গৈ আছিল। গৈ গৈ এজনী বুঢ়ী মানুহে কান্দি থকা দেখিলে। মন্ত্ৰীয়ে বুঢ়ীক সুধিলে তুমি কান্দিছা কিয় ? বুঢ়ীয়ে ক’লে, মোৰ এটাই মাত্ৰ ল’ৰা আছিল। সি মৰিল। তাৰ দুখতে ম‍ই কান্দিছো। পিছে তুমিনো ইয়ালৈ কিয় আহিছা ?

মন্ত্ৰীয়ে ক’লে, মই ৰজাৰ লগত কাজিয়া কৰিহে এইখিনি পাইছোহি। বুঢ়ী আই তুমি পিছে কন্দা-কটাখন কৰি নাথাকিবা । বুদ্ধৰ কথা শুনা-বুদ্ধ, ধৰ্ম আৰু সংঘ এই তিনি মন্ত্র জপ কৰিলে মন স্থিৰ হ’ব। মৰাজন মৰিল তাক লৈ দুখ নকৰিবা। বুঢ়ীয়ে মন্ত্ৰীৰ কথা শুনি ভাল পালে। তোক ম‍ই ভাল বস্তু দিম। পুৱতি নিশাতে উঠিলে তই বস্তুটো পাবি। লগতে ৰজাকো লগ পাবি। মোৰ বাৰীৰ পাছফালে যে পুখুৰীটো দেখিছ তাৰ ওচৰতে এজোপা তামোল গছ আছে। তাৰ তামোল খাবলৈ বান্দৰ আহে। বান্দৰ কেৱল ৰাতিহে ওলায়৷ ৰাতি হলেই বান্দৰবোৰ পানীত জাপ মাৰি ধুনীয়া মানুহ হৈ গুচি যায়।

মন্ত্ৰীয়ে বুঢ়ীৰ কথা মতে পুৱতি নিশাতে উঠি তামোল আৰু পুখুৰীৰ পানী অলপ লৈ বুঢ়ীৰ পৰা বিদায় ললে। মন্ত্রীয়ে দেখিলে তেওঁলোকে শপত খোৱা গছজোপা শুকান হৈ পৰিছে। মন্ত্ৰীয়ে গম পালে যে ৰজা নিশ্চয় কিবা বিপদত পৰিছে। মন্ত্ৰীয়ে এইবাৰ ৰজাক বিচাৰি গ’ল। গৈ গৈ তেওঁ ৰজা থকা দেশখনত উপস্থিত হ’ল।

ইফালে-সিফালে ঘুৰি ফুৰোতে মন্ত্ৰীয়ে দেখিলে ৰজাই ৰাজকুঁৱৰীৰ গা-ধোৱা পানী তুলি আছে। মন্ত্ৰীৰ বেয়া লাগিল। মন্ত্ৰীয়ে ৰজাক লগ ধৰি ক’লে, মহাৰাজ আপোনাৰ এই অৱস্থা মোৰ বৰ অসহ্যকৰ। মই আপোনাক এই বিপদৰ পৰা উদ্ধাৰ কৰিম। এই তামোলটো কাটি যেনে – তেনে ৰাজকুঁৱৰীক খাবলৈ দিব, তেতিয়া ৰাজকুঁৱৰী বান্দৰ হ’ব আৰু এই বটলৰ পানী খিনিৰে ৰাজকুঁৱৰীয়ে গা ধুলেই পুনৰ আগৰ ৰূপ ল’ব।

ৰজাই এদিন চল চাই তামোল এখন ৰাজকুঁৱৰীক। খাৱলৈ দিলে। সঁচাকৈয়ে তামোল খাই ৰাজকুঁৱৰী বান্দৰ হৈ গ’ল। ৰাজ্যত হুলস্থূল লাগিল। ৰজাই ঢোল পিটি ঘোষণা কৰিলে, যিয়ে ৰাজকুঁৱৰীক ভাল কৰিব পাৰিব তেওঁলৈকে ৰাজকুঁৱৰীক বিয়া দিব।

তেতিয়া ৰজাই মন্ত্ৰীয়ে দিয়া পানীখিনি লগত লৈ ৰাজদৰবাৰ পালেগৈ আৰু ক’লে যে তেওঁ ৰাজকুঁৱৰীক ভাল কৰিব পাৰিব। এইবুলি তেওঁ লগত অনা পানীখিনি কুঁৱৰীয়ে গা-ধোৱা পানীত মিহলাই ক’লে, এই পানীৰে গা ধুলেই ৰাজকুঁৱৰীয়ে আগৰ ৰূপ ঘূৰাই পাব। সঁচাকৈয়ে কুঁৱৰীয়ে সেই পানীৰে গা-ধোৱা মাত্ৰকে আগৰ ৰূপ ঘূৰাই পালে৷

তেতিয়া কথা দিয়া মতে ৰজাৰ লগত ৰাজকুঁৱৰীৰ বিয়াৰ আয়োজন চলিল। পিছে ৰাজকুঁৱৰীয়ে সকলো কথা জানিব পাৰি মন্ত্ৰীৰ লগতহে বিয়াত সোমাবলৈ মন মেলিলে। তেওঁ সকলো কথা দেউতাকক বিবৰি ক’লে। ৰজাই তেতিয়া দুয়োকে ৰাজদৰবাত হাজিৰ হ’বলৈ আদেশ দিলে। মন্ত্ৰীয়ে সকলো কথা ভাঙি – পাতি ৰজাক ক’লে, লগতে এইবুলিও ক’লে যে ৰজাক সন্মানেৰে এৰি দিলেহে তেওঁ ৰাজকুঁৱৰীক বিয়া কৰাব। ৰজাই মন্ত্ৰীৰ কথা মানি জীয়েকক মন্ত্ৰীলৈকে বিয়া দিলে। ৰজা আৰু মন্ত্রী দুয়ো বুজি পালে কোনো ডাঙৰ বা সৰু নহয় সকলো মানুহ সমান।

Leave a Comment