বীৰবলৰ সাধু – অসমীয়া সাধু

এদিন এজন মানুহে ৰজাৰ নগৰ চাবলৈ আহোঁতে এজনী মাইকী মানুহে তেওঁক লগ পাই কৰ মানুহ, কি কথা, কলৈ যাব বুলি সুধিলে। মানুহজনেও সকলো কথা ভাঙিপাতি ক’লে।

মানুহজনীয়ে মানুহজনক নি ৰাজসভা পোৱালেগৈ। মানুহজনীয়ে ৰাজসভাত চিঞৰ-বাখৰ লগাই কান্দি কাটি ৰজাক ক’লে, ‘এই মানুহজনে মোৰ হাতৰ, কাণৰ গহনা আৰু ১৫০০ টকা কাঢ়ি ল’লে, মহাৰাজ বিচাৰ কৰি দিয়ক।’

ৰজাই মানুহজনক সোধাত মানুহজনে ক’লে, ‘মহাৰাজ ম‍ই এওঁৰ পৰা একো লোৱা নাই, মই আহি থাকোতে বাটত লগ ধৰি কথা বতৰা পাতি মোক ৰাজসভা দেখুৱাবলৈ লৈ আহি এই মহিলাগৰাকীয়ে মোক বিপদত পেলাইছে। মহাৰাজ মই আপোনাৰ নগৰলৈ কেতিয়াওঁ অহা নাই, একো নাজানোঁ। ৰজা আৰু সভাসদ সকলে কথাটো কি ধৰিব নোৱাৰি মনে মনে থাকিল। বীৰবলে কথাটো বুজি এজন চিপাহীক মাতি নি ৰাজভড়ালৰ পৰা ১৫০০ টকা আনি মনে মনে মানুহজনক দিবলৈ ক’লে।

সেইমতে চিপাহীয়ে কাম কৰাৰ পিছত বীৰবলে মানুহজনক মাতি টকাখিনি মানুহজনীক দিবলৈ ক’লে। তেতিয়া মানুহজীনয়ে আনন্দত কিৰিলি মাৰি টকালৈ ঘৰলৈ বাট ধৰাত মানুহজনক টকাখিনি মানুহজনীৰ পৰা কাঢ়ি আনিবলৈ পঠালে আৰু মানুহজনী যাতে পলাই যাব নোৱাৰে তাৰ কাৰণে এজন চিপাহীও পঠাই দিলে।

মানুহজনে গৈ বাটত মানুহজনীৰ পৰা টকা কাঢ়ি ল’বলৈ জুটা-পুটি কৰিলে। কিন্তু মানুহজনে তাইৰ পৰা টকা কাঢ়ি ল’ব নোৱাৰিলে। মানুহজনী লৰ মাৰি পলাব খোজোতেই চিপাহীজনে ধৰি দুয়োকে পুনৰ ৰাজসভালৈ লৈ আহিল৷

ৰাজসভা পায়েই মানুজনীয়ে ক’লে, ‘মহাৰাজ এই মানুহজনে আকৌ মোৰ টকাখিনি কাঢ়ি ল’ব খুজিছিল, কিন্তু ল’ব নোৱাৰিলে, এই চিপাহীজনেই দেখিছে তেওঁক সোধক। এইজন ডকাইত এওঁক ফাটেকত দিয়ক নহ’লে নগৰত অশান্তি কৰি থাকিব।

বীৰবলে মাত লগালে, ‘আগৰবাৰ তোমাৰ পৰা কাঢ়ি ল’ব পাৰিলে এইবাৰ নোৱাৰিলে কিয়? তুমি এই নিৰীহ আচহুৱা মানুহজনক মিছা জুলুম কৰি ৰজাৰ দুৰ্নাম অনাৰ বাবে তোমাক ৬ মাহ ফাটেকত দিবলৈ মই মহাৰাজক অনুৰোধ কৰিছো। আগতে মানুহজনে দিয়া টকাখিনি ৰাজভড়ালৰ পৰা অনাই মানুহজনীক আমাৰ চিপাহীৰ হতুৱাই দিয়াইছিলোঁ । টকাখিনি ৰাজভড়াললৈ পঠাব লাগে, ‘মহাৰাজ মানুহজনীৰ সাজ-পাৰ চায় মই অনুমান কৰিলো তেওঁৰ হাতত ইমান টকা থাকিব নোৱাৰে। ইফালে এজন মানুহ অচিনাকী ঠাইত বিশেষকৈ এগৰাকী তিৰোতাৰ গাত হাত দিবলৈ সাহ কৰিব নোৱাৰে।

ৰজাই মানুহজনীক কাৰাগাৰালৈ পঠাই দিলে আৰু ৰাজভড়ালৰ পৰা অনা টকাখিনিৰ আধা দি মানুহজনক ক’লে, “মোৰ নগৰলৈ আহি তুমি লজ্জিত হোৱাৰ বাবে ম‍ই দুখ পাইছো, বেজাৰ নকৰিবা।

বাকী টকাখিনি বীৰবলৰ শলাগনি স্বৰূপে বীৰবলক দিলে।

Leave a Comment