পাৰস্য দেশৰ সাধু – অসমীয়া সাধু

প্ৰাচীন কালত পাৰস্য দেশত এজন সদাগৰ আছিল। সদাগৰে প্ৰায় ভাৰতলৈ বনিজ বেহাবলৈ আহে। এবাৰ তেওঁ ভাৰতৰ পৰা এটা ভাটো লৈ গৈ নিজৰ ঘৰত সোণৰ সজাত ৰাখি মৰমেৰে পুহিবলৈ ধৰিলে। ভাটৌ চৰাইটোৱে বৰ সাৰুৱা কথা কয়। সদাগৰে আজৰি সময়কণ ভাটৌৰ লগতে ভাল কথা পাতি কটায়। লাহে লাহে ভাটৌ সদাগৰৰ বন্ধু হৈ পৰিল। এবাৰ ভাৰতলৈ বণিজ বেহাবলৈ আহিবৰ সময়ত সদাগৰে নিজৰ ল’ৰা-ছোৱালী, আপোন মানুহ আদি সকলোকে সুধিলে কালৈ কি আনিব লাগিব। সকলোৱে নিজৰ নিজৰ ভালপোৱা বস্তু আনিবলৈ ক’লে। সদাগৰে বন্ধু ভাটোটোকে সুধিলে ভাৰতৰ পৰা কি আনিব লাগিব। ভাটোটোৱে ক’লে ভাৰতত মোৰ লগৰ ভাটৌবিলাক মুকলিমূৰীয়াকৈ উৰি ফুৰিছে। মইহে ইয়াত সজাত বন্দী হৈ আছো।

গতিকে আপুনি ভাৰতীয় ভাটৌৰ পৰা মোৰ মুক্তিৰ উপায়টো সুধি লৈ আহি মোক ক’বহি। সদাগৰে ভাৰতলৈ আহি ভাটোৰ কথা পাহৰিছিলেই। ভাৰত এৰিবৰ সময়ত বাটতে এজাক ভাটো উৰি যোৱা দেখিলে। তেতিয়া সিহঁতক ক’লে “তোমালোকৰ লগৰে ভাটৌ এটা মোৰ ঘৰৰ সজাত বন্দী হৈ আছে। তেওঁ মুক্তিৰ উপায়টো সুধি পঠাইছে।’ এই বুলি কোৱাৰ লগে লগে উৰি যোৱা ভাটৌৰ মাজৰ পৰা এটা ভাটৌ ধুপুচকৈ মাটিত পৰি মৰি থাকিল। সদাগৰে ভাবিলে এইজনী ভাটৌ নিশ্চয় মোৰ ঘৰত থকাটোৰ লগৰ মাইকী ভাটৌজনী। তাই লগৰটো সজাত বন্দী হৈ থকাৰ কথা শুনি মনৰ দুখতে প্রাণ এৰিলে।

সদাগৰে মনৰ দুখেৰে পাৰস্যলৈ উভটি গ’ল। তেওঁ বহুদিন ভাটৌটোক দেখা নিদি আঁতৰি ফুৰিছিল। এদিন হঠাতে ভেটাভেঁটি হোৱাত ভাটৌটোৱে সদাগৰজনক সুধিলে ‘বন্ধু, মোলৈ মুক্তিৰ উপায়টো আনিছে নে ? সদাগৰ বৰ বিমোৰত পৰিল। তেওঁ কওঁ – নকওঁকৈ সকলো কথা বিৱৰি কৰে। ভাৰতত ভাটৌজনী মৰা কথা শুনি সদাগৰৰ ভাটৌটোও সজাতে মুচকচ গৈ মৰি থাকিল। সদাগৰে বৰ বেজাৰ পালে।

মনতে ভাবিলে – ইহঁতবোৰ বনৰ মুকলিমুৰীয়া চৰাই কেতিয়াও সজাত বন্দী কৰি থ’ব নাপায়। সোণৰ সজাত থাকিও সিহঁতে বৰ দুখ পায়। নাই আজিৰ পৰা আৰু এনে কাম নকৰো— এই বুলি সোণৰ সজাটো খুলি তেওঁ মৰা ভাটৌটো চোতাললৈ দলি মাৰি দিলে। লগে লগে ভাটৌটো ভুৰুং কৰি উৰি গৈ ঘৰৰ চালত পৰিলগৈ। ঘৰৰ চালত উঠি ভাটৌটোৱ সদাগৰক ক’লে, বন্ধু মোৰ মুক্তিৰ উপায়টো আনি দিয়াৰ কাৰণে আপোনাক ধন্যবাদ জনাইছোঁ। ভাৰতৰ ভাটৌজনীয়ে নিজে মৰা ভাও জুৰি মইনো কেনেকৈ সজাৰ পৰা মুকলি হ’ম শিকাই দিছিল।’ সদাগৰে ভাটৌটোৰ বুদ্ধিক বাঃ বাঃ দিলে আৰু তেওঁ নিজৰ কু – কৰ্মৰ বাবে অনুশোচনা কৰিলে।

Leave a Comment