কণা আৰু খোৰা সাধু – অসমীয়া সাধু

এখন গাঁৱত ৰুদাই নামেৰে এজন কণা আছিল। এদিন সি আলিবাটেদি গৈ আছিল। গৈ গৈ এডোখৰ বৰ ওখোৰা মোখোৰা বাট পালে। লগে লগে ৰুদাইৰ বৰ হাহাকাৰ লাগিল। সাৰথি লাখুটীডালেও বিশেষ সহায় কৰিব নোৱাৰিলে। ৰুদাইয়ে আগবাঢ়িব নোৱাৰা হ’ল। তেওঁ খোজে পতি উজুটি খাবলৈ ধৰিলে।

ঠিক সেই সময়তে নদাই নামেৰে এজন খোৰা লেকেচিয়াই লেকেচিয়াই আহি আছিল। তেওঁৰো সেই একেই দশা। সহজে আগবাঢ়িব নোৱাৰে। খোৰা ভৰিখনৰ বাবে যমৰ যাতনা ভুগিছে।

ৰুদাই আৰু নদাই লগালগি হ’ল। নদাইয়ে ৰুদাইক ক’লে- “ৰুদাই ভাই! তোমাৰ ভৰি আছে, চকু নাই। মোৰ চকু আছে, ভৰি নাই। আহা, দুয়ো আজিৰ পৰা একগোট হওঁ। চকু আৰু ভৰিক একেলগে কামত খটুৱাওঁ।”

ৰুদাইয়ে ক’লে — “পাৰিলেতো ভালেই কথা। পিছে কোৱাচোন, কেনেকৈনো কামত খটুৱাব পাৰো ?”

নদায়ে ক’লে — “মই তোমাৰ কান্ধত উঠো। মোৰ চকুৰে তোমাক বাট দেখুৱাই লৈ যাব। তোমাৰ ভৰিৱে মোক আগবঢ়াই নিব।”

ৰুদাইয়ে ক’লে — “ঠিক আছে। এনে বুদ্ধিহে আচল বুদ্ধি। উঠা মোৰ কান্ধত।

এতিয়া দেখা যাওক কোনে পাৰে এই টু ইন ওৱানক (ৰুদাই আৰু নদাইক)।

কণাৰ কান্ধত খোৰা। দুয়ো গৈ আছে। গৈ গৈ বহু দূৰ পালে। এনেদৰে গৈ থাকোতে এঠাইত এখন টকাৰ মোনা দেখা পালে। খোৰাই টকাৰ মোনাৰ কথা মাত্রকে কণাই তাক ঠেকেচ্ কৰি কান্ধৰ পৰা নমাই থলে। দুয়ো টকাৰ মোনালৈ একেলগে হাত মেলিলে। টকাৰ বাবে দুয়োৰে মাজত লাগি গ’ল খকা-খুন্দা।

নদাই ক’লে — “মইহে টকাৰ মোনাটো আগেয়ে দেখা পাইছোঁ- গতিকে এই টকা মোৰ। মোৰ চকু কামত নলগোৱা হ’লে তই কেনেকৈ টকা পালিহেঁতেন কণা — ধেন্দেলা ?”

ৰুদাইয়ে ক’লে — “তই দেখা পোৱাটো সঁচা, কিন্তু মোৰ ভৰিয়ে তোক এইখিনি পোৱাই নিদিয়া হ’লে এতিয়াও তই লেকেচিয়াই লেকেচিয়াই সেই শদিয়াতে পৰি ৰলিহেঁতেন। গতিকে মোৰ ভৰি কামত নখটোৱা হ’লে এই টকা পালিহেঁতেন জানো ভেকুৰা ?”

মুঠতে সিহঁতৰ কথাৰ মীমাংসা নহ’ল। খোৰাই কয় ‘টকা পাইছে তাৰ চকুৰ বাবেহে।’ কণাই কয় ‘টকা পাইছে তাৰ ভৰিৰ বাবেহে।’

কথাৰে বলে নোৱাৰি দুয়ো মৰামৰি আৰম্ভ কৰিলে আৰু টকাৰ মোনা ক’ৰবাতে এৰি গৰু খাৱৈত লুটি খাই পৰিলগৈ। অলপ পাছতে সেই বাটেদি এজন বাটৰুৱা আহি। সি টকাৰ মোনাখন বুটলি লৈ গুচি গ’ল। ইয়াকে কয় —

বাতি খালে আতি যায়;
লুকাই খালে ঢুকাই যায়;
আপোনপেটীয়াৰ কল্যাণ নাই।

Leave a Comment