বুধিয়ক বুঢ়াজন (এটি কছাৰী সাধু) – অসমীয়া সাধু

এসময়ত এখন গাঁৱত সাতজন ভাই- ককাই আছিল। সিহঁতে পৰৰ ধন-সোণ চুৰ কৰি জীৱন নিৰ্বাহ কৰিছিল। সিহঁত আটায়ে লগ লাগি এই কাম কৰিছিল। এদিনাখন ডাঙৰজনে আনবোৰক ক’লে, “ভাইসব, সেই বুঢ়া মানুহজনৰ বহুতো ধন-সম্পত্তি আছে।

গতিকে আমি কাইলৈ তেওঁৰ ঘৰলৈ গৈ টকাখিনি লৈ আনোগৈ ব’লা।” আনবোৰেও সন্মতি জনালে। বুঢ়াই সিহঁতৰ পৰিকল্পনা সপোনত গম পাইছিল। ৰাতিপুৱা সাৰ পাই ঘৈণীয়েকক দুপৰীয়া সাতজন মানুহৰ বাবে ভালদৰে লাওপানী, ভাত, মাংস আনকি মাটিমাহো ৰান্ধিবলৈ ক’লে। তেওঁ পুনৰ ঘৈণীয়েকক ক’লে, “মই ৰাতিপুৱা পথাৰলৈ যাম আৰু দুপৰীয়া ঘূৰি আহিম। মোৰ লগত টুনী চৰাইটোও লৈ যাম। সিহঁত আহিলে তুমি ভালদৰে সোধ-পোছ কৰিবাঁ।”

ৰাতিপুৱা বুঢ়াই পথাৰত মাটি চহাই আছে। চৰাইটোৱে ভেকুলী বিচাৰি ওচৰতে ঘূৰি আছে। সেই সময়ত চোৰকেইজন বুঢ়াৰ ওচৰলৈ আহিল আৰু তেওঁ কি কৰি আছে সুধিলে। বুঢ়াইও সিহঁতনো কোনপিনে আহিল সুধিলে। সিহঁতে ক’লে, “আমি আপোনাৰ ঘৰলৈ ফুৰিবলৈ আহিছোঁ।” “ভাল বাৰু’, বুলি শলাগি বুঢ়াই টুনী চৰাইটোক আনিলে আৰু আলহীৰ কাৰণে ভাল খাদ্য ৰান্ধিবলৈ ঘৈণীয়েকক ক’বৰ বাবে ঘৰলৈ পঠিয়াই দিলে।

কিছু সময়ৰ পাছত, আলহীৰ সৈতে বুঢ়া ঘৰলৈ আহিল। চৰাইটোৱে দিয়া বাতৰিৰ বাবেই সিহঁতে ইমান সুখাদ্য খাবলৈ পাই আচৰিত হ’ল। সিহঁতে ভাবিলে যে চৰাইটো নিলে সিহঁতেও সময়মতে ভাল আহাৰ খাবলৈ পাব। ইয়াৰ পাছত বুঢ়াই সিহঁতক অহাৰ কাৰণ সোধাত সিহঁতে চৰাইটো লাগে বুলি জনালে। বুঢ়াই ক’লে, “চৰাইটো অবিহনে আমাৰ উৰুঙা লাগিব; সেয়েহে ইয়াক দিব নোৱাৰোঁ।” কিন্তু সিহঁতে বলপূৰ্বক চৰাইটো লৈ গুচি গ’ল।

চৰাইটো পৰীক্ষা কৰাৰ কাৰণে ডাঙৰজনে চৰাইটোক এডাল লাঠিত থৈ ক’লে, “ঘৰলৈ গৈ ঘৈণীক ভালদৰে মাংস আৰু লাওপানী তৈয়াৰ কৰিবলৈ ক’বি।” কিন্তু ঘৰলৈ আহি সি ৰাতিয়ে তৈয়াৰী আহাৰ খাবলগীয়া হ’ল ৷ ভোকত থকা হেতুকে সি যিহকে দিলে তাকে খালে। ইয়াৰ পাছত সি চৰাইটো দ্বিতীয়জনলৈ দিলে। দ্বিতীয়জনেও প্ৰথমজনৰ দৰে পঁইতাভাত খাবলগীয়া হ’ল।

এনেদৰে প্রতিজনে গৈ খালে যদিও কোনেও কথাটো এজনৰ খোৱাপাতত গছকি দিলে। বুঢ়াই তৎক্ষণাৎ লাঠিডাল আনি বুঢ়ীক কোবাবলৈ টানি নিলে আৰু খঙেৰে ক’ব ধৰিলে, “বুঢ়ী, চকুৰে দেখা নাই? যিমানে বুঢ়ী হৈছ ভদ্ৰতা আৰু ব্যৱহাৰ পাহৰি গৈছ। ৰ’ তোক আজি মই ডেকেৰী বনাম।” তেনেকৈ কৈ তেওঁ কলগছজোপা আঘাত কৰিলে।

ক্ষন্তেক পাছতে এজনী যুৱতী ওলাই আহিল। এনে কর্ম দেখি চোৰকেইজনে সিহঁতৰ প্ৰকৃত উদ্দেশ্যৰ কথা পাহৰি বুঢ়াৰপৰা লাঠিডালহে বিচাৰিলে। বুঢ়াই দিবলৈ আপত্তি কৰিছিল প্ৰকাশ নকৰিলে। কিন্তু সৰুজনে কথাটো প্ৰকাশ কৰাত, আটাইকেইজনে সিহঁতৰো। একে দশা হৈছে বুলি জনালে।

এদিনাখন আবেলি সিহঁতকেইজনে আলচ কৰিলে যে এইবাৰ বুঢ়াক ভালদৰে বান্ধি বুঢ়াৰ সকলো টকা আৰু সোণ লৈ আহিব। সেই ৰাতিয়ে বুঢ়াই সিহঁতৰ পৰিকল্পনাৰ কথা সপোনত জানিব পাৰিলে। তেওঁ ঘৈণীয়েকক মাতি আনি ক’লে, “সিহঁত আকৌ আহিব।

গতিকে তই ভালদৰে আহাৰ তৈয়াৰ কৰিবি। লাওপানীও তৈয়াৰ কৰিবি। এটুকুৰা কলগছ আনি আমি য’ত লক্ষ্মীদেৱীক প্ৰাৰ্থনা কৰোঁ তাত থ’বি আৰু মোৰ লাঠিডাল মোৰ আসনত থৈ দিবি। লগতে আমাৰ ওচৰ- চুবুৰীয়াৰ পৰা এজনী ছোৱালী আনি প্রার্থনা ঘৰত লুকুৱাই থ’বি। আহাৰ পৰিৱেশনৰ সময়ত তই এনেকুৱা ভাও ধৰিবি যেন তই পিছলি মজিয়াত পৰি গৈছ আৰু এজনৰ খোৱা-পাতত গছকি দিবি।”

ঘৈণীয়েকক সকলো দিহা-পৰামৰ্শ দি ৰাতিপুৱা বুঢ়া মাটি চহাবলৈ গ’ল। কিছুসময় পাছত চোৰকেইজন আহি পোৱাত সিহঁত কোনপিনে আহিল বুঢ়াই সুধিলে। সিহঁতেও তেওঁৰ ঘৰলৈকে অহাৰ কথা ক’লে। ক্ষন্তেক পাছত বুঢ়াই হাল এৰি সিহঁতক লগত লৈ ঘৰ পালেগৈ। ঘৈণীয়েকে বুঢ়াই শিকাই থোৱাৰ দৰে সিহঁতক প্ৰথমে লাওপানী দিলে। পাছত আহাৰ পৰিৱেশনৰ সময়ত বুঢ়ীয়ে বৰ ভাগৰ লগা যেন দেখুওৱাই থৰক-বৰক খোজেৰে যদিও সিহঁতে কাঢ়ি লৈ গ’ল।

ঘৰলৈ গৈ ডাঙৰজনে চিন্তা কৰিলে যে তেওঁৰ ঘৈণীয়েক যিহেতু বুঢ়ী হৈ আহিছে, গতিকে তেওঁ ডেকেৰী কৰিব লাগিব। ইয়াকে ভাবি তেওঁ ঘেণীয়েকক লাঠিৰে কোবাই ক’ব ধৰিলে, “ডেকেৰী হ’, ডেকেৰী হ’। লাঠিডাল গধুৰ আছিল বাবে কোৱাওঁতে কোবাওঁতে ঘৈণীয়েক মৰি থাকিল। সি মৃত দেহটো লুকুৱাই থ’লে আৰু ভায়েকহঁতক তাৰ ঘৈণীয়েক যুৱতী হোৱা বুলি ক’লে।

তেনেকৈ দ্বিতীয়, তৃতীয়, চতুৰ্থ আৰু পঞ্চম আৰু ষষ্ঠজনৰো প্ৰথমজনৰ দৰে একেই অৱস্থা হ’ল। কিন্তু সৰুজনৰ ঘৈণীয়েক মৰাৰ বাবে সি জোৰেৰে কান্দিব ধৰিলে। কান্দোন শুনি বাকী কেইজনো আহিল। আৰু সিহঁতৰো যে একেই অৱস্থা হৈছে সকলোৱে গ’ম পালে। ঘৈণীয়েক অবিহনে সিহঁতৰ সংসাৰ চলোৱাত কিমান অসুবিধা পাইছে সেই বিষয়েও আলোচনা কৰিলে। এইবাৰো সিহঁতৰ উদ্দেশ্য সফল নহ’ল।

পুনৰ সিহঁতে বুঢ়াৰ ঘৰত চুৰ কৰাৰ পৰিকল্পনা কৰাও বুঢ়াই সপোনত দেখিছিল। সেয়েহে তেওঁ ঘৈণীয়েকক ক’লে, “বুঢ়ী, কলগছজোপাত থকা কদোৰ বাহটো দেখিছনে? ইয়াক সাৱধানে আনি আমাৰ বাৰাণ্ডাৰ এটা কোণত কলহ এটাত ঢাকোন দি লুকুৱাই থ’বি আৰু অলপ কলাখাৰ যোগাৰ কৰি থ’বি। ম‍ই যেতিয়া তোক আমাৰ টকাবোৰৰ কথা সুধিম তই সেইবোৰ বাৰাণ্ডাৰ কলহত থকা বুলি ক’বি।” আবেলি চোৰকেইটা আহিল।

সিহঁতক দেখ পাই বুঢ়াই শিকাই দিয়াৰ নিচিনাকৈ ক’লে। সিহঁতে টকাৰ কথা শুনিবলৈ পাই ভালেই পালে আৰু লগে লগে ডাঙৰজনে কলহৰ ঢাকোন খুলি হাত সুমুৱাই দিলে।

কোঁদো বৰলে চোৰজনক হাত আৰু মুখত বিন্ধিলে। সি লগে লগে পিছুৱাই আহিল। তাৰ পাছত দ্বিতীয়জনো আহিল। প্ৰথমজনৰ দৰে তাৰো একেই অৱস্থা হ’ল।

কোনোৱে নিচিঞৰিলে আৰু এনেভার দেখুৱালে যেন কলহৰপৰা টকাহে আনিছে। এনেদৰে কামোৰ খাই ঘৰলৈ অহাৰ পাছত সৰুজনে বিষত চিঞৰি উঠিল ৷ আনবোৰেও তেতিয়াহে সিহঁতৰ অৱস্থা জনালে।

বিষ উপশম হোৱাৰ কিছুদিন পাছত সিহঁতে বুঢ়াৰ ওচৰলৈ অহাৰ কথা চিন্তা কৰিলে । বুঢ়াই কথাটো আগৰ দৰে জানিলে আৰু বুঢ়ীক ঘৰৰ বেৰত এটা সৰু ফুটা কৰিবলৈ ক’লে। বুঢ়াই ক’লে, “মই হাতত এখন ক্ষুৰ লৈ ফুটাটোৰ ওচৰত মৃতপ্ৰায় হৈ শুই থাকিম। যেতিয়া চোৰ কেইজন আহিব, তই সিহঁতক ফুটাটোৰে ম‍ই মৰিছোনে নাই চাবলৈ ক’বি।”

Leave a Comment