আকবৰৰ প্ৰশ্নৰ উত্তৰত বীৰবলে কি কৈছিল?

1. আকবৰৰ প্ৰশ্নৰ উত্তৰত বীৰবলে কি কৈছিল?
উত্তৰ: আকবৰৰ প্ৰশ্নৰ উত্তৰত বীৰবলে কলে “জাহাপনা, ফেঁচা দুটা দুখন অৰণ্যৰ ৰজা। সিহঁতে দুয়োৰে সন্তানৰ মাজত বিয়া পতাৰ কথা আলোচনা কৰি আছে।

2. বীৰবলে কোৱা কথাখিনি শুনি আকবৰে কি উপলব্ধি কৰিলে?
উত্তৰ: বীৰবলে কোৱা কথাখিনি হাড়ে-হিমজুৱে বুজি পাই উপলব্ধি কৰিলে যে চিকাৰ কৰি থাকিলে অৰণ্যত পশু-পক্ষী নাথাকিব।

3. আকবৰে শেষত বীৰবলক কি কথা কৈছিল?
উত্তৰ: আকবৰে শেষত বীৰবলক কলে- “আমাৰ আজিৰ অৰণ্য ভ্ৰমণ বৰ ফলপ্ৰসূ হ’ল আৰু ভবিষ্যতে চিকাৰ কৰাৰ হেঁপাহো মোৰ নাইকিয়া হ’ল।”

4. আকবৰে কোৱাৰ দৰে বীৰবলে প্ৰকৃততে পশু-পক্ষীৰ মাত বুজি পাইছিল নে? যদি বুজি পোৱা নাছিল, তেনেহ’লে কিয় বুজাৰ ভাও জুৰিছিল?
উত্তৰ: প্ৰকৃততে বীৰবলে পশু-পক্ষীৰ মাত বুজি নাপাই। দৰাচলতে বীৰবলে দেখিছিল যে, ৰজাই যিদৰে অৰণ্যত চিকাৰ কৰি পশু-পক্ষী নিঃশেষ কৰি আছে তেনেদৰে চলি থাকিলে অৰণ্যবোৰ মৰিশালী লৈ ৰূপান্তৰ হব, সেয়েহে ৰজাক বুজাবৰ কাৰণে বীৰবলৰ এই কৌশলটো প্ৰয়োগ কৰিছিল।

5. উপস্থিত বুদ্ধিৰে বীৰবলে উদ্দেশ্য সাধন কৰিব পাৰিলেনে?
উত্তৰ: উপস্থিত বুদ্ধিৰে বীৰবলে উদ্দেশ্য় সাধন কৰিব পাৰিলে।

6. ফেঁচা দুটাই কুৰুলিয়াই থকা দেখি আকবৰে কি সুধিছিল?
উত্তৰ: ফেঁচা দুটাই কুৰুলিয়াই থকা দেখি আকবৰে বীৰবলক সুধিলে – ”বীৰবল, তুমিতো পশু-পক্ষীৰ মাত বুজি পোৱা! কোৱাচোন, ফেঁচা দুটাই কি কথা পাতি আছে।”

7. ”আমাৰ আজিৰ অৰণ্য় ভ্ৰমণ ফলপ্ৰসূ হ’ল আৰু ভৱিষ্য়তে চিকাৰ কৰাৰ হেঁপাহো মোৰ নাইকিয়া হ’ল। গতিকে ব’লা, ৰাজপ্ৰসাদলৈ উভতি যাওঁ।”
উত্তৰ: ওপৰৰ কথাষাৰ সম্ৰাট আকবৰে বীৰবলক কৈছিল। কাৰণ বীৰবলে চৰাইৰ মাত বুজি পোৱাৰ ভাওঁ জুৰি সম্ৰাটক ফেঁচা দুটাৰ কাহিনীটো ইমানৰসালকৈ কৈছিল যে সেই কাহিনীৰ তাৎপৰ্য আকবৰে হাড়ে হিমজুৰে বুজি পালে। তেওঁ গমি পিতি চাই উপলব্ধি কৰিলে যে চিকাৰ কৰি থাকিলে অৰণ্য়ত পশু পক্ষী নাথাকিব। সেয়ে আকবৰে বীৰবলক উক্ত কথাখিনি কৈছিল।

Leave a Comment