জাতকৰ সাধু – অসমীয়া সাধু

পুৰণি কালৰ কথা। ভাৰতবৰ্ষৰ পশ্চিম অঞ্চলত গান্ধাৰ নামে এখন ৰাজ্য আছিল। সেই ৰাজ্যৰ ৰাজধানী আছিল তক্ষশীলা। সেই সময়ত বোধিসত্ব নামৰ এজনা ঋষি এই নগৰত জন্ম গ্ৰহণ কৰিছিল আৰু গুৰুকুল বিদ্যালয় পাতি তাৰ আচাৰ্যৰূপে কাৰ্যনিৰ্বাহ কৰিছিল।

এই আচাৰ্যজনৰ অধীনস্থ গুৰুকুলত প্ৰায় পাঁচশ শিষ্যই শিক্ষা গ্ৰহণ কৰিছিল। এদিনাখন শিষ্যসকলে খৰি লুৰিবলৈ হাবিত সোমাল। তাত সকলোৱে শুকান খৰি বিচাৰিবলৈ ধৰিলে। তেওঁলোকৰ মাজত এজন এলেহুৱা ছাত্ৰয়ো হাবিলৈ গৈছিল। সি এডাল প্রকাণ্ড বৰুণ গছ দেখি ভাবিলে – ‘গছজোপাত নিশ্চয় বহুত শুকান ডাল পোৱা যাব। গতিকে হাবিত লৰি- ঢাপৰি ফুৰাতকৈ গছৰ ছাঁত ক্ষন্তেক শুই লওঁ আৰু উভতি যোৱাৰ আগতে গছজোপাত উঠি শুকান ডাল কেতবোৰ সংগ্ৰহ কৰি লৈ যাম।’ এনেদৰে মনতে ভাবি সি গাৰ কাপোৰখন ঘাঁহৰ ওপৰত পাৰি লৈ শুলে আৰু অলপ সময়ৰ পিছতেই নাক বজাই টোপনি গ’ল।

ইফালে আন সহপাঠীসকলে খৰি লুৰি বোজা বান্ধি গুৰুকুললৈ যাবলৈ ওলাই সেই এলেহুৱা শিষ্যজনক জগাই দিলে। ধহমহকৈ উঠি সি শুকান খৰি গোটাব নোৱাৰি কিছুমান কেঁচা ডালকে বান্ধি ল’লে।

পিছদিনা নগৰৰ লোক এজনে ব্ৰহ্মভোজনৰ বাবে আচাৰ্যৰ সৈতে তেওঁৰ শিষ্যসকলকো মাতিছিল। আচাৰ্যই তাৰে জাননী দিবলৈ আহি ক’লে, ‘ল’ৰাহঁত, অহাকালি এজন মানুহৰ ঘৰত নিমন্ত্রণ আছে। তালৈ আমি সকলোৱে যাৱই লাগিব, সেইবাবে তোমালেকে ৰাতিপুৱা উঠি চাউল-সিদ্ধ কৰি খাই বৈহে ওলাবা।’

আচাৰ্যৰ উপদেশ মতে শিষ্যসকলে পিছদিনা সোনকালে টোপনিৰ পৰা উঠি কাম কৰা বুঢ়ী তিৰোতাজনীক মাতি আনি ক’লে যে ‘অতি সোনকালেই আমাক চাউল সিদ্ধ কৰি দিয়ক এঠাইত যাব লাগে গুৰুৰ লগত।’ কাম কৰা বুঢ়ী তিৰোতাজনীয়ে খৰিৰ দমৰ ওপৰত থকা কেঁচা ডালবোৰ আনি চৌকাত সুমুওৱাই দিলে আৰু বাৰে বাৰে ফুৱাইও জুই জ্বলাব নোৱাৰিলে।

ইফালে ‘বেলিও ওলাল। ছাত্র-সকলে কোৱা মেলা কৰিব ধৰিলে যে ‘বেলি হ’ল, এতিয়া যোৱাৰ সময় একেবাৰে উকলি গ’ল। এনেদৰে কথা-বতৰা পাতি ছাত্ৰবোৰে গুৰুৰ ওচৰলৈ গ’ল।

গুৰুৱে তেওঁলোকক দেখি সুধিলে, ‘বোপাহঁত তোমালোকে এতিয়াও ওলোৱা নাই যে ?”

ছাত্ৰসকলে ক’লে, নাই গুৰুদেৱ – আমি এতিয়াও ওলাব পৰা নাই, বাধা পৰিছে।’

গুৰুৱে সুধিলে – কিহৰ বাধা পৰিছে।

ছাত্ৰসকলে যোৱাকালি সেই এলেহুৱা ছাত্ৰৰ ঘটনাটো সম্পূর্ণ ক’লে আৰু শেষত ক’লে যে ‘আজি ৰাতিপুৱা বুঢ়ী তিৰোতাজনীয়ে ভালদৰে নেদেখি ওপৰত থকা কেঁচা খৰি কেইডালকে জুইত সুমুৱাই দিছে আৰু কোনোপধ্যেই জুই জ্বলাব পৰা নাই। গতিকে আমি ওলোৱাৰ গুৰিতে বাধা পৰিছে। ‘

এলেহুৱা ছাত্ৰজনৰ কাম-কাজৰ কথা শুনি গুৰুৱে ক’লে, ‘এৰা, কেতিয়াবা একোজন মূৰ্খৰ দোষতেই আন বহুতৰে কাৰ্যত বিঘিনি ঘটে। আজিও এজন মূৰ্খৰ কৰ্মই তোমোলোকৰ কামত বিধি-পথালি দিছে।

গতিকে মনত ৰাখিবা যিজনে কৰিবলগীয়া কাম পিছলৈ পেলায় থয়, তাৰবাবেই সেইজনেই যে অকল কষ্ট পায় তেনে নহয়, আনেও কষ্ট পাব লগা হয় বা অনুতাপ কৰিবলগীয়া হয়। আজি এই তোমালোকৰ সহপাঠীৰেই উদাহৰণ যিয়ে কেঁচা বৰুণ গছৰ ডাল আনি সকলোৰে যাত্ৰা পণ্ড কৰিছে।’ এইদৰে বোধিসত্বই ছাত্ৰসকলক বহুতো সৎ উপদেশ দি সকলোকে সময়ৰ কাম সময় মতে কৰিবলৈ উপদেশ দিলে।

Leave a Comment