বুদ্ধিয়ক বান্দৰ এটি খাছী সাধু – অসমীয়া সাধু

এখন অৰণ্যৰ কাষত সেউজীয়া পথাৰ। বহু দূৰ জুৰি থকা এই পথাৰখনিয়ে চকু জুৰ পেলায়। এসময়ত ওচৰৰ গাঁৱৰ এজন খেতিয়কে বহু আশা কৰি, অনেক পৰিশ্ৰম কৰি ইয়াত যথেষ্ট পৰিমাণে কণী ধানৰ খেতি কৰিছিল। অকল কণী ধানেই নহয় তাৰ লগে লগে অন্যান্য প্রয়োজনীয় খাদ্য সামগ্রী, যেনে – আলু, জলকীয়া, আদা আদিৰ খেতিও কৰিছিল।

দিন বাগৰাৰ লগে লগে কণী ধান বিলাক পকিবলৈ ধৰিলে। কিন্তু কণী ধান পকাৰ লগে লগেই মানুহ নোহোৱাৰ সুযোগ লৈ ওচৰৰ হাবিৰপৰা বান্দৰবোৰ নামি আহি কণী ধানবোৰ খাই পেলায়। খেতি পথাৰৰ এনে অৱস্থা দেখি খেতিয়কজনে মনত বৰ বেজাৰ পালে আৰু ফান্দ পাতি চোৰবিলাকক ধৰিবলৈ মনস্থ কৰিলে।

কথা মতেই কাম।

‘ৰ বাচাইত, এইবাৰ শেনৰ এজাত৷ এই ফান্দত তহঁত পৰিবিয়ে।’ ফান্দ পাতি খেতিয়কজন নিশ্চিন্তমনে ঘৰলৈ গ’ল।

পিছদিনা এজাক বান্দৰে কণী ধানবোৰ খাবলৈ নামি আহিল। হঠাৎ সিহঁতৰ মাজৰে এটা ফান্দত পৰিল। কিন্তু, সেই দিনা খেয়িকজন পথাৰলৈ নগ’ল। গতিকে তেওঁ বান্দৰ যে ফান্দত পৰিল তাৰ গ’মকে নাপালে। এতিয়া কি বুদ্ধি কৰি ফান্দৰ পৰা ওলাব পাৰি বান্দৰটোৱে তাকেই চিন্তা কৰিবলৈ ধৰিলে।

ৰাতিটো পাৰ হ’ল। পাছদিনা ৰাতিপুৱাই বান্দৰটোৱে বাঘ এটা খোজ কাঢ়ি গৈ থকা দেখিলে। বুধিয়ক বান্দৰটোৱে বাঘক অনুনয় বিনয় কৰি ক’লে — ‘বাঘ ককাই, বাঘ ককাই, তুমি মোক এই ফান্দৰ পৰা মুকলি কৰি দিয়ানা।’ বাঘটোৱে হাঁহি মাৰি তপৰাই উত্তৰ দিলে — ‘মই তোমাক মুকলি কৰি দিম, কিন্তু এটা চৰ্ততহে। মই এতিয়া চিকাৰ বিচাৰিহে ওলাই আহিছোঁ। গতিকে তোমাক পালোঁ যেতিয়া মই এৰি দিয়া ভকত নহয়। ম‍ই তোমাকেই খাম।’

মনতে এটা বুধি পাঙি বান্দৰটো মনে মনে থাকিল। বাঘটোৱে ৰচীডাল ঢিলা কৰি দি বান্দৰটোক ফান্দৰ পৰা মোকলাই নদীৰ পাৰত আপোনমনে বহি খাম বুলি চোঁচৰাই টানি লৈ গ’ল। বাঘৰ মনৰ ভাব বুজিব পাৰি বান্দৰটোৱে বাঘক তোষামোদ কৰি ক’লে — ‘বাঘ ককাই তুমি বৰ ভাগ্যৱান। বেচেৰা খেতিয়কজনে ইমান চেষ্টা কৰি ফান্দ পাতিও মোক ধৰিব নোৱাৰিলে। কিন্তু তুমি এই বাটেৰে অহাৰ বাবেই মোক পালা।’

বাঘ অহংকাৰত গম্ভীৰ হ’ল। বাঘৰ মইবৰ ভাৱ দেখি বান্দৰটোৱে পুনৰাই নিজকে কোৱাদি ক’লে — ‘ইচ, মই ইমান লেতেৰা, তুমি কেনেকৈ খাবা? তাতোকৈ মোক তুমি আগতে গা ধুই ল’বলৈ নিদিয়া কিয় ? যেতিয়া ম‍ই চাফা হ’ম। তেতিয়া তুমি বেছি সোৱাদ পাবা। মোক গা ধুবলৈ বেছি সময় নালাগে নহয়, এক বা দুই মিনিট। তুমি ইয়াতে ৰৈ থকা। ম‍ই এতিয়াই আহিম।’

বাঘ মান্তি হ’ল। বান্দৰটোৱে নদীত সাঁতুৰি-নাদুৰি গা ধুলে। ‘মই এতিয়া বহুত চাফা হ’লো।’বাঘে ক’লে আহাঁ। বান্দৰটোৱে জাঁপ মাৰি নদীৰ পাৰলৈ আহিল আৰু বাঘটোৱে ধৰিবলৈ লওঁতেই গছৰ ডাললৈ বগাই উঠিলে।

বাঘে ডাবি মাৰি ক’লে — “মোক মূর্খ পাইছা, তৎক্ষণাৎ নামি আহা। মোৰ এতিয়া তোমাক খোৱাৰ সময়।’

‘উই, এৰ মিনিট ৰোৱানা। ম‍ই মোৰ গাটো গৰম কৰি লওঁ। গা ধুই মোৰ বৰ জাৰ লাগিছে।’ — বান্দৰে ক’লে। অলপ সময় ৰৈ বাঘে পুনৰাই বান্দৰক মাতিলে।

কিছু তললৈ নামি বান্দৰে ক’লে — তুমি যে মোক মাৰিবা, মোৰ বৰ ভয় লাগিছে সেয়ে তুমি মুখখন মেলি থাকাচোন মই জাঁপ মাৰি তোমাৰ মুখতে সোমামগৈ।’ বাঘে তাকেই কৰিলে।

বান্দৰে আকৌ ক’লে — ‘তোমাৰ ৰঙা জুইৰ নিচিনা চকুজুৰি দেখি মোৰ আৰু বেছি ভয় লাগিছে। চকুদুটি জপাই দিয়াচোন।’ বাঘে চকু মুদিলে। বান্দৰে তৎক্ষণাত এটা আমৰলি পৰুৱাৰ বাঁহ গছৰপৰা পাৰি আনি চিধাই বাঘৰ মুখত সুমুৱাই দিলে। বাঘে আনন্দমনে চোবাবলৈ আৰম্ভ কৰিলে। লগে লগে পৰুৱাবোৰে জিভাই মুখে কামুৰি নগুৰ – নাগতি কৰিলে। বনৰ ৰজা খঙত বলিয়া হ’ল কিন্তু কৰিব কি? বান্দৰে জোকাই জোকাই ওচৰ চপাৰ ভাও দিয়ে কিন্তু বাঘে ধৰিব পৰাৰ দূৰত্ব বজাই ৰাখে। বাঘৰ খঙ দুগুনে চেৰে ।

এনেদৰে সামান্য বান্দৰে বনৰজাক খং তুলি তুলি ভাগৰাই পেলালে। হতাশ মনেৰে খঙত একো নাই হৈ বনৰাজে তোক চাই ল’ম ৰ’ ভাবেৰে বনলৈ গমন কৰিলে। বান্দৰে এটা তাচ্ছিল্যৰ হাঁহি মাৰি গছৰ ডালে ডালে নাচি-বাগি মনৰ আনন্দত জঁপিয়াই ফুৰিবলৈ ধৰিলে। ইয়াকে কয় ‘সন্ধিৰ বাঁহ বুদ্ধিৰে কটা শাৰীৰিক শক্তিতকৈ বুদ্ধিৰ বল বহুত বেছি।

আনৰ মন ভুলোৱা কথাত কেতিয়াও পতিয়ন যাব নালাগে। আনৰ চলাহী কথাত ভোল গ’লে বাঘৰ দশাই হয়।

Leave a Comment