নিজ ভাগ্য এটি নগা সাধু – অসমীয়া সাধু

এসময়ত এজন ৰজাৰ সাতজনী জীয়েক আছিল। তেওঁ সিহঁতক বৰ মৰম কৰিছিল। তেওঁ নিজেই সিহঁতক ৰান্ধি-বাঢ়ি খুৱাইছিল।

যেতিয়া খোৱা-বোৱা শেষ হয় তেতিয়া তেওঁ জীয়েককেইজনীক সোধে, “খাই কেনে পালা?” তেতিয়া ডাঙৰ জীয়েককেইজনীয়ে দেউতা খাই বৰ ভাল লাগিল বুলি কয়; কিন্তু সৰুজনীয়ে কয় ‘এইখন আঞ্জা ম‍ই ৰন্ধাৰ নিচিনা ভাল হোৱা নাই। ম‍ই ইয়াতকৈ বেছি ভাল ৰান্ধো।’

সদায় সৰু জীয়েকৰ এই কথাষাৰ শুনি ৰজাৰ খং উঠিছিল আৰু এদিন তাইক এজন দুখীয়া যুৱকৰ সৈতে বিয়া পাতি দিলে। দুখীয়া যুৱকজন ৰজাৰ এনে কাণ্ডত বৰ বিমোৰত পৰিল। কাৰণ, কেনেকৈনো সি তাৰ ভগা পঁজাটোলৈ ৰাজকুমাৰীক নি ৰাখিব? কিন্তু ৰাজকুমাৰীয়ে তেওঁক ক’লে, “ম‍ই এতিয়া তোমাৰ পত্নী। সেইবাবে মোক ভগা পঁজাটোলৈ নিবলৈ তুমি লাজ নকৰিবাঁ। মোক লৈ ব’লা।’

এইদৰে সৰু ৰাজকুমাৰীয়ে তেওঁৰ দুখীয়া স্বামীৰ লগত থাকিবলৈ আৰম্ভ কৰিলে। দুখীয়া যুৱকজনৰ উপাৰ্জন, দুজনৰ পেট পুহিবলৈ যথেষ্ট নাছিল। সেইবাবে কামৰ সন্ধানত তেওঁ এখন বেলেগ ৰাজ্যলৈ গ’ল। সেই ৰাজ্যত তেওঁ তাৰে ৰজাৰ তলত এটা কাম পালে। সেই ৰজাই এদিন যুৱকজনৰ ধুনীয়া ঘৈণীয়েকৰ ৰূপ আৰু গুণৰ বিষয়ে জানিব পাৰিলে। ৰজাই তেতিয়া সেই যুৱকৰ ঘৈণীয়েকক বিয়া কৰাবলৈ মন মেলিলে। ৰজাই যুৱকৰ পত্নীক পাবৰ বাবে যুৱকজনক এটা প্ৰস্তাৱ দিলে – যুৱকে নিজৰ পত্নীৰ সলনি ৰজাৰপৰা যি বিচাৰে তাকে পাব পাৰিব। যুৱকে কি কৰিব ভাবি নাপালে। তেওঁ ৰজাক অমান্য কৰে কেনেকৈ? কিন্তু ৰজাৰ প্ৰস্তাৱ মানিবও নোৱাৰি।

এনেকৈ গভীৰ চিন্তাত ঘূৰি ফুৰোঁতে তেওঁক এজনী বুঢ়ীয়ে এটা উপায় দিলে। বুঢ়ীজনীয়ে ক’লে, – “চিন্তা নকৰিবাঁ। ৰজাৰ তুলিৰ তলত এটা যাদুকৰী মণি আছে। ৰজাক ক’বাঁ, তুমি ঘৈণীয়েৰাৰ সলনি এই মণিটো বিচাৰিছাঁ। মণিটো লৈ এখন কাপোৰ পাৰি তাত মণিটো থ’বাঁ আৰু তোমাক যি লাগে তাকে খুজিবাঁ।’

বুঢ়ীৰ কথামতে যুৱকে কাম কৰিলে। ৰজাৰ পৰা তেওঁ ঘৈণীয়েকৰ সলনি মণিটো বিচাৰিলে। ৰজাইয়ো আনন্দ মনেৰে মণিটো তেওঁক দিলে। মণিটো লৈ, তেওঁ এখন কাপোৰৰ ওপৰত থৈ এটা ঘোঁৰা বিচাৰিলে। লগেলেগই এটা ঘোঁৰা আহি তেওঁৰ ওচৰত হাজিৰ হ’ল আৰু ঘোঁৰা চেকুৰাই তেওঁ ঘৰলৈ গুচি গ’ল। কিছুদিন পাছত ৰজাৰ মানুহে যুৱকজনৰ ঘৈণীয়েকক আনিবলৈ তেওঁৰ ঘৰত উপস্থিত হ’ল।

তেতিয়া যুৱকজনে তেওঁৰ ঘৈণীয়েকক ফটা-ছিৰা কাপোৰ পিন্ধিবলৈ ক’লে আৰু মণিটোৰ জৰিয়তে হুবহু ঘৈণীয়েকৰ দৰে ছোৱালী এজনী সৃষ্টি কৰিলে। তাইক যুৱকজনে নিজৰ ঘৈণীয়েকৰ কাপোৰ পিন্ধি থাকিবলৈ ক’লে। ৰজাৰ মানুহে তাইক যুৱকৰ ঘৈণীয়েক বুলি লৈ গুচি গ’ল। যুৱকৰ চিন্তা-ভাৱনা আদি শেষ হ’ল আৰু সুখেৰে ঘৈণীয়েকৰ লগত থাকিবলৈ ল’লে।

Leave a Comment