এজন অহংকাৰী ৰজা – অসমীয়া সাধু

এখন দেশত এজন বৰ অত্যাচাৰী ৰজাই শাসন কৰিছিল। তেওঁ নিজৰ বাহিৰে প্ৰজাৰ সুখ-দুখলৈ অলপো চকু দিয়া নাছিল।

এবাৰ সেই দেশৰ সীমামূৰীয়া হাবি এখনলৈ ক’ৰবাৰ পৰা ৰাক্ষস এটা আহিল। ৰাক্ষসটোৱে হাবিৰ দাঁতিকাষৰীয়া মানুহবোৰ মাৰি খাবলৈ ধৰিলে। বাচি থকা সকলে প্ৰাণৰ ভয়ত যেনি-তেনি পলাই সাৰিবলৈ চেষ্টা কৰিলে। প্ৰজাসকলৰ দুখে কুলাই-পাচিয়ে নধৰা হ’ল। এফালে ৰজাৰ পৰা অশান্তি আৰু আনফালে ৰাক্ষসৰ পৰা অশান্তি। উপায়হীন হৈ অৱশেষত প্ৰজাসকলে কথাটো ভয়ে ভয়ে ৰজাক ক’লেগৈ। ৰজাই কিন্তু কিবা উপায় দিয়াতকৈ ওলোটাই ক’লে, যে যিয়ে ৰাক্ষসটো মাৰিব পাৰিব তেওঁক পুৰস্কাৰ দিয়া হ’ব আৰু ৰাক্ষসটো মাৰিব নোৱাৰিলে দেশৰ সকলো মানুহকে শূলত দিয়া হ’ব।

কথাটো শুনি মানুহবিলাকে বৰ ভয় খালে। মানুহবিলাকে সিদ্ধান্ত ল’লে যে ৰজাৰ হাতত মৰাতকৈ ৰাক্ষসৰ হাতত মৰাই ভাল। সেইবুলি ভাবি এদল মানুহে ৰাক্ষসটো ক’ত থাকে চাবলৈ গ’ল। সেই সময়ত ৰাক্ষসটো হাবিৰ মাজত নাছিল। সেয়েহে মানুহদলে ৰাক্ষসৰ লগত মুখামুখি নোহোৱাকৈ সুকলমে ঘূৰি আহিল আৰু ৰজাক ৰাক্ষসটো মৰিল বুলি খবৰ দিলেহি। তেতিয়া প্ৰজাসকলেও দেশলৈ শান্তি ঘূৰি আহিল বুলি ৰজাৰ গালৈ ফুল চটিয়ালে।

ৰজাই এদিন মনৰ আনন্দত মৰা ৰাক্ষসটো চাবলৈ বুলি কেইজনমান লগুৱা-লিকচৌ লগত লৈ হাবিলৈ গ’ল। লগত যোৱা প্ৰজাসকলে আঁতৰৰ পৰাই ৰাক্ষসৰ ঘৰটোক ৰজাক দেখুৱালে। ৰজায়ো মৰা ৰাক্ষসটোক ওচৰৰ পৰা চোৱাৰ হেঁপাহত গৈ ঘৰটোৰ ভিতৰ সোমালগৈ। তেতিয়া ৰাক্ষসটো শুই আছিল হঠাৎ মানুহৰ গোন্ধ পাই ৰাক্ষসটোৱে সাৰ পাই ৰজাক দেখি একে জাঁপে টেটুত চেপি ধৰি বধ কৰিলে। মানুহবিলাকে যেতিয়া ৰাক্ষসটো যেতিয়া ৰাক্ষসটো মৰিল বুলি কৈ ৰজাক মিছাকৈ সুগন্ধি ফুল ছটিয়াইছিল সেই ফুলবোৰত গাত বিহ সানি ৰজাৰ গালৈ দালিয়াইছিল। সেয়েহে ৰজাৰ গাত বিহ লাগি আছিল। ৰাক্ষসে ৰজাক খোৱাত তাৰ পেটলৈ বিহ গ’ল। ফলত ৰাক্ষসটোও মৰি থাকিল।

ৰজা আৰু ৰাক্ষস দুয়োটা মৰিল বুলি জানিব পাৰি প্ৰজাসকলে বৰ আনন্দ পালে আৰু অন্য এজনক ৰজা পাতি সুখেৰে জীৱন কটাবলৈ ধৰিলে।

Leave a Comment