চীন দেশৰ সাধু – অসমীয়া সাধু

এসময়ত চীন দেশৰ এখন নদীৰ পাৰত ছান নামৰ এজন মানুহ আছিল। তেওঁৰ এটা পোহনীয়া কুকুৰ আৰু এজনী মেকুৰীৰ বাহিৰে আপোন বুলিবলৈ কোনো নাছিল। ছান আছিল বৰ দুখীয়া এসাঁজ খালে আন এসাঁজ খাবলৈ টনাটনি।

এদিনাখনৰ কথা। বাটেদি গৈ থাকোঁতে ছানে বাটতে এটা মামৰে ধৰা পুৰণি আঙুঠি পালে৷ আঙুঠিটো বুটলি ছানে ঘৰলৈ আনিলে আৰু সেইটো ঘৰৰ চুক এটাত পেলাই থলে। কিন্তু সেইদিনাৰ পৰা ছানৰ ঘৰত অভাৱনীয় ঘটনা ঘটিবলৈ আৰম্ভ কৰিলে। ছানৰ অৱস্থা দিনে ভাল হৈ আহিল। অভাৱ অনাটন নোহোৱা হৈ আহিল। আঙুঠিটোৰ বাবেই যে ছানৰ অৱস্থা ভাললৈ আহিল, সেই কথা তেওঁ বুজি পালে আৰু সেইটো ভালদৰে সামৰি এটা সৰু কাঠৰ পেৰাত ভৰাই দুৱাৰৰ চুক এটাত আনে নেদেখাকৈ থৈ দিলে।

ছান বাস কৰা নদীখনৰ সিপাৰে আছিল এটা চোৰ। ছানৰ অৱস্থা দিনক দিনে ভাললৈ অহা দেখি চোৰটোৱে এৰাতি ছানৰ ঘৰত চুৰ কৰিবলৈ সোমালহি। ছানৰ দুৰ্ভাগ্য, চোৰৰ চকু পৰিল দুৱাৰৰ চুকৰ সেই সৰু পেৰাটোত। পেৰাটো দেখি চোৰৰ মন আনন্দত নাচি উঠিল। পেৰাত নিশ্চয় কিবা মূল্যবান বস্তু আছে বুলি ভাবি চোৰে পৰম আগ্ৰহেৰে পেৰা লৈ পলাই পত্ৰং দিলে। সেই দিনাৰ পৰা ছানৰ অৱস্থা বেয়া হৈ আহিল। তেওঁৰ দুখে কুলাই-পাচিয়ে নধৰা হ’ল। ঘৰৰ কুকুৰ-মেকুৰী দুটায়ো গৰাকীৰ এনে অৱস্থা দেখি বৰ দুখ পালে। দুয়োটাই আলোচনা কৰি যেনে-তেনে গৰাকীৰ আঙুঠিটো বিচাৰি উলিয়াবলৈ ঠিক কৰিলে আৰু এদিনাখন দুয়োটাই আঙুঠিটো বিচাৰি ওলাল। আঙুঠি বিচাৰি আহি দুয়োটা নদীৰ পাৰত ওলালহি। মেকুৰীয়ে মাত লগালে,

: সখি এতিয়া কি কৰোঁ ? নদীখন বৰ বহল৷ ম‍ই হ’লে সাঁতুৰি নদী পাৰ হৈ যাব নোৱাৰিম।

: কি চিন্তা কৰিছা। মোৰ পিঠিত উঠা। মই পাৰ কৰি নিম – কুকুৰে ক’লে।

মেকুৰী কুকুৰৰ পিঠিত উঠি বহিল। কুকুৰে সাঁতুৰি মেকুৰীক লৈ নদী পাৰ কৰি লৈ গ’ল। পাৰত উঠি ইফালে-ইফালে চাই সিহঁতে চোৰৰ ঘৰটো দেখিলে আৰু দুয়োটা চোৰৰ ঘৰত সোমাল। কাঠৰ পেৰাটো ঘৰৰ ছালত ৰছী এডালেৰে ওলোমাই থোৱা সিহঁতৰ চকুত পৰিল। কিন্তু সেইটো মাটিলৈ নমোৱা যায় কেনেকৈ? কুকুৰে মেকুৰীক বুদ্ধি দিলে, সখি, নিগনি এটা মাতি আনি ৰছীডাল কুটিবলৈ লগাই দিয়া ৷

কুকুৰৰ বুদ্ধিমতে মেকুৰীয়ে নিগনি এটা মাটি আনিলে আৰু নিগনিটোৱে ৰছীডাল কুটি দিলে। পেৰাটো ধুপছকৈ মাটিত সৰি পৰিল। লগে লগে তাৰ পৰা আঙুঠিটো ওলাই পৰিল। কুকুৰ-মেকুৰী দুয়োটাই ৰঙতে জপিয়াই দিলে। তাৰ পাছত আঙুঠিটো মুখত লৈ মেকুৰী একেজাপে কুকুৰৰ পিঠিত উঠি বহিল আৰু কুকুৰে আগৰ দৰে মেকুৰীক পিঠিত লৈ সাঁতুৰি নদী পাৰ হ’ল। দুয়োটা আহি নদীৰ পাৰ পালেহি কি নাপালে মেকুৰীয়ে একে জাপে লৰি আঙুঠি লৈ আহি ছানৰ ঘৰত উপস্থিত হ’লহি। ছানৰ মুখত হাঁহি ওলাল। ইফালে মেকুৰীৰ আনন্দ চাই কোনে? ছানে মেকুৰীজনীক সাদৰ কৰি কোলালৈ তুলি মৰম কৰি পিঠিত হাত বুলালে।

ইফালে কুকুৰ আহি পালেহি কিছুপৰৰ পাছত। লৰি-ঢাপৰি অকাই- পকাই ভাগৰে-জুগৰে আহি কুকুৰে দেখেহি আঙুঠি আহি গৰাকীৰ হাতত পৰিলেহি। সি দেখি আনন্দতে নেজ জোকাৰিবল ধৰিলে। আঙুঠি উদ্ধাৰ কৰাত কুকুৰে যে কিমান সহায় কৰিছিল তাক ছানে বুজিবলৈকে নাপালে। বোকা পানীৰে লুতুৰি-পুতুৰি হৈ অহা লেতেৰা কুকুৰটোক ওচৰ চাপি অহা দেখি ছানে ধমক এটা দি তাক ঘৰৰ পৰা উলিয়াই দিলে। বেচেৰা কুকুৰৰ দুৰ্গতি দেখিও মেকুৰীও তাৰ হৈ গৰাকীৰ আগত মাত এষাৰো নামাতিলে। সেইদিনাৰ পৰা কুকুৰ- মেকুৰীৰ কাজিয়া আৰম্ভ হ’ল। কুকুৰ বিপদত মাত নামাতি মেকুৰীয়ে সঁচাকৈ বৰ জগৰ লগাইছিল।

সেইবাবে মেকুৰীয়ে আজিও পৰাপক্ষত কুকুৰৰ চকুত নপৰাকৈ আঁৰে আঁৰে থাকিবলৈ চেষ্টা কৰে। মেকুৰীৰ বিশ্বাসঘাটকতাৰ কথা কুকুৰে আজিও পাহৰিব পৰা নাই। কৰবাত কেনেবাকৈ বাটে-পথে মেকুৰী দেখা পালেই কুকুৰে মতলীয়া হৈ নেজ জোকাৰি মেকুৰীক খেদা লগায়।

Leave a Comment