ৰাক্ষসী ছোৱালী সাধু – অসমীয়া সাধু

বহু দিনৰ আগৰ কথা এজন ৰজাৰ একমাত্ৰ পুত্ৰ আছিল । ৰাজকুমাৰ লাহে লাহে বিবাহৰ বাবে উপযুক্ত হৈ আহিছিল। সেয়েহে ৰজাই ৰাজকুমাৰৰ বাবে উপযোগী কন্যা বিচাৰি আছিল, কিন্তু ক’তো বিচাৰি পোৱা নাছিল । এদিনাখনৰ কথা – ৰাজকুমাৰ চিকাৰলৈ গৈ আছিল। তেনেতে তেওঁ সেই পথেদি আন এখন ৰাজ্যৰ ৰাজকুমাৰী এজনীও গৈ থকা দেখিলে দুয়ো দুয়োকে চালে। ৰাজকুমাৰে ৰাজকুমাৰীক দেখি মোহিত হৈছিল। বাপেকক আহি ৰাজকুমাৰীৰ বিষয়ে কোৱাত বাপেকে সেই ৰাজকুমাৰীৰ ঘৰলৈ গৈ বিবাহৰ কথা আলোচনা কৰিলে আৰু কেইদিনমানৰ ভিতৰতে বিবাহ সম্পন্ন হ’ল । ৰাজকুমাৰে ৰাজকুমাৰীৰ সৈতে বহুত সুখত দিন কটাই আছিল।

কেইদিনমানৰ পিছৰ কথা, এদিন ৰাজকুমাৰ চিকাৰ কৰিবলৈ জংঘললৈ গৈছিল। সেই জংঘলতে এজনী ৰাক্ষসী আছিল। ৰাক্ষসীয়ে ৰাজকুমাৰক দেখি বিবাহ হ’বৰ মন গ’ল আৰু তাই এজনী সুন্দৰ কন্যাৰ ৰূপ ধাৰণ কৰি ৰাজকুমাৰক মোহিত কৰিলে। ৰাজকুমাৰে ৰাক্ষসীৰ মোহিনী ৰূপত মোহ গ’ল আৰু কেইদিনমানৰ ভিতৰতে ৰাজকুমাৰে ৰাক্ষসীক বিয়া কৰাই আনিলে । ৰাক্ষসী ৰাজকুমাৰৰ পত্নী হোৱাৰ লগে লগেই ৰাজকুমাৰে প্ৰথমা পত্নী ৰাজকুমাৰীক দেখিব নোৱৰা হ’ল আনহাতে, ৰাক্ষসীৰূপী পত্নীয়ে ৰাজকুমাৰীৰ বিষয়ে ৰাজকুমাৰক কথা লগাবলৈ ধৰিছিল। সেয়েহে ৰাজকুমাৰে প্রথমা পত্নীক লাহে লাহে ভাল নোপোৱা হৈ আহিল। ৰাজকুমাৰীৰ চাকৰৰ দৰে অৱস্থা হ’ল আৰু ৰাক্ষসী ৰাণীৰ দৰে থাকিবলৈ ল’লে। ৰাজকুমাৰীয়ে সদায় কান্দি কান্দি দিন কটাবলৈ লৈছিল।

ইফালে ৰাক্ষসীয়ে ৰাজকুমাৰৰ লগত থাকিবলৈ ল’লে। ৰাক্ষসীয়ে সদায় ৰাতি কন্যাৰ ৰূপ এৰি ৰাক্ষসী ৰূপ ধাৰণ কৰি কবালৈ ওলই যায়। এদিনাখন ৰাতি শোৱাৰ পৰা উঠি ৰাজকুমাৰ টোপনি যোৱা যেন গ’ম পাই কন্যাৰ ৰূপ এৰি ৰাক্ষসীৰ ৰূপ ধাৰণ কৰি ক’ৰবালৈ গ’ল। কিন্তু ৰাজকুমাৰ টোপনিত নাছিল ৰাজকুমাৰে সকলোবোৰ দেখি আছিল। ৰাক্ষসী অহাৰ লগে লগে ৰাজকুমাৰে একো নোশোধাকৈয়ে ৰাক্ষসীক তৰোৱালেৰে কাটি দুটুকুৰা কৰিলে আৰু সকলোবোৰ কথা সকলোকে বিৱৰি ক’লে। তেতিয়াৰ পৰা ৰাজকুমাৰ আৰু ৰাজকুমাৰীয়ে (প্ৰথমা পত্নী) সুখেৰে দিন কটাবলৈ ধৰিলে।

Leave a Comment