মাছমৰীয়া আৰু দৈত্যৰ সাধু – অসমীয়া সাধু

এসময়ত এখন দেশত ইছক নামেৰে এজন মাছমৰীয়াই বাস কৰিছিল। ইছকে দিনটো মাছ মাৰি আবেলি বজাৰত বেচি যি পায় তাৰেই পেট প্ৰৱৰ্তাইছিল।

এনেকৈ বহুদিন গ’ল। আন দিনাৰ দৰে সেইদিনাও ইছকে ৰাতিপুৱাতে জালখন লৈ ওলাই গ’ল। বেলি মূৰৰ ওপৰ পালে। কিন্তু ইছকে নদীত জাল পেলাই মাছ এটাও নাপালে। অৱশেষত সি ভাবিলে যে এনেয়ে কষ্ট কৰি লাভ কি? মাছতো পোৱাৰ আশা নাই । গতিকে আৰু তিনিবাৰ জাল পেলাই মাছ-কাছ একো ঘৰলৈ উভতি যোৱাই ভাল হ’ব।

ইছকে ঈশ্বৰৰ নাম স্মৰণ কৰি প্ৰথমবাৰ জাল পেলাই দিলে। কিন্তু শুদা জালখনহে পাৰলৈ উঠি আহিল। এইবাৰ আকৌ সি জাল পেলাই দিলে। কিন্তু জালত একো নাহিল। এইবাৰ সি শেষবাৰৰ বাবে জাল পেলাই দিলে। কিন্তু জালত একো নাহিল। এইবাৰ সি শেষবাৰৰ বাবে জাল পেলাই দিলে। এইবাৰ কিন্তু ইছকৰ মনটো নাচি উঠিল। এইবাৰ নিশ্চয় জালত ডাঙৰ কিবা এটা আহিছে। কাৰণ জালখন টানোতে ইছকে গাৰ সমস্ত বল প্রয়োগ কৰিবলগীয়া হৈছে। সি কেঁকো-জেকোকৈ জালখন পাৰলৈ তুলি আনিলে। সি দেখিলে যে জালখনত এটা কলহ উঠি আহিছে।

সি ভাবিলে যে মাছ নেপালেও কোনো কথা নাই। কলহটো বেচিয়েই ভাত মুঠি যোগাৰ কৰিব পাৰিব । ভালকৈ চাই দেখে যে কলহটোৰ সাঁফৰখন বন্ধ আছে। ইছকে ভাবিলে কলহটোত নিশ্চয় কিবা মূল্যবান মণি-মুকুতা আছে। গতিকে ইয়াত সাফৰখন নুখুলি ঘৰলৈ গৈ খোলাই ভাল হ’ব। আজিৰ ভাতমুঠি খাব পৰা যাব।

ঘৰলৈ গৈ কলহটোৰ সাফৰখন খুলি দেখে যে তাত মণি-মুকুতা একো নাই। আছে মাত্র এটা চাকি আৰু বহী এটা। বহীটোত কি লিখা আছে চাবৰ বাবে নামমাত্র পঢ়িব জনা ঘৈণীয়েকক দিলে। ইছকে ঘৈণীয়েকৰ পৰা জানিব পাৰিলে যে বহীটোত এজন দৈত্য ৰজাই কিছুমান কথা লিপিবদ্ধ কৰি থৈ গৈছে।

তাত দৈত্য ৰজাজনে লিখিছে যে— এসময়ত এজন দৈত্য ৰজা আছিল। সেই দৈত্য বজাৰ দৈত্যবোৰ সেই সময়ত বৰ পাপ কামত লিপ্ত হৈ পৰিছিল। যাৰ ফলত সমগ্ৰ দৈত্য ৰাজ্যখনকে পাপে চুইছিল। সেই বেয়া কামৰ জগৰীয়া আছিল দৈত্যৰাজ স্বয়ং নিজেই।এদিন সেই পাপৰ ফলতে এটা ডাঙৰ ভূমিকম্প হৈছিল। সেই ভূমিকম্পত সমগ্র দৈত্য ৰাজ্যখন এখন নদীলৈ ৰূপান্তৰিত হ’ল। তেতিয়াৰ পৰাই পাপৰ প্ৰায় চিত্ত কৰিবৰ বাবে দৈত্যৰাজে মানুহৰ সেৱা কৰিবলৈ প্রতিজ্ঞাবদ্ধ। যিয়ে চাকিটো জুলাই তেওঁৰ নাম স্মৰণ কৰিব সেই জনকেই তেওঁ সহায় কৰিব।

ঘৈণীয়েকৰ পৰা এই কথাখিনি জানিব পাৰি ইছকে আনন্দিত হৈ উঠিল। সি কথাখিনিৰ সত্যাসত্য প্রমাণ চাবৰ বাবে চাকিটো জ্বলাই দৈত্যৰাজৰ নাম স্মৰণ কৰিলে। লগে লগে কলা ধোঁৱাই গোটেই আকাশখন চানি ধৰিলে আৰু এটা দৈত্যলৈ ৰূপান্তৰিত হ’ল।

Leave a Comment